Purity
ইটালীয় দৰ্শন
তোমাৰ বাগানৰ সৰাপাতৰ লেখ নলবা
লেখ লবাঁ সুবাস বিলোৱা ফুলবোৰৰ
জীৱনত লেখ লবাঁ তোমাৰ সোনালী মূহূৰ্ত্ত বোৰৰ
বিষাদৰ ক’লা ডাৱৰ বোৰৰ স্মৄতি মনলৈ কদাপি নানিবা
ৰাতিবোৰৰ হিচাব ল’বা জিলমিল তৰা বোৰেৰে
ক’লা আন্ধাৰেৰে নহয়
জীৱন জুখিবা হাঁহিৰে
কান্দোনেৰে নহয়
No comments:
Post a Comment